ডিজিটেল ডেস্কঃ কৃত্ৰিম বুদ্ধিমত্তা হৈছে এনে এক প্ৰযুক্তি যিয়ে মানুহৰ মগজুৰ দৰেই কাম কৰে। ইয়াৰ প্ৰয়োগে কঠিন কামবোৰ সৰল কৰি তুলে আৰু মানুহৰ সময়, ধন আৰু প্ৰচেষ্টা ৰাহি কৰে। কিন্তু প্ৰযুক্তিৰ ক্ষেত্ৰত যিদৰে হয়, ঠিক সেইদৰে ইয়াৰো ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱে আছে।
ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰ ভাতৃদ্বয়ৰ প্ৰচেষ্টাত মুকুলি কৰা হল অ Aakhor(AI) নামেৰে টাইপিং ছফ্টৱেৰ।এতিয়াৰে পৰা যিকোনো বিষয়ত অসমীয়াত লিখিবলৈ হ'লে মোবাইল অথবা কম্পিউটাৰত টাইপ নকৰিলেও হ'ব ৷ মুখেৰে কৈ গলেই স্বয়ংক্ৰীয়ভাৱে এই এপ্লিকেশ্যনৰ জৰিয়তে টাইপ হৈ আহিব, ১.৬ মিলিয়ন অসমীয়া শব্দ সংযোজন কৰিছে, টাইপ বাক্য সংশোধন কৰিব পাৰে।
অসমীয়া ভাষা শক্তিশালী কৰিবৰ বাবে ভাতৃদ্বয়ৰ প্ৰচেষ্টা। অ Aakhor AI ছফ্টৱেৰ বিভিন্ন ৱেবচাইটত উপলব্ধ হব। google ত Aakhor.in বুলি ছাৰ্চ কৰিব পাৰিব, এই ছফ্টৱেৰ মোবাইল, লেপটপত ইনষ্টল কৰিব পাৰিব ।
ইতিমধ্যে আন্তৰাষ্ট্ৰীয় পেক্ষাপটৰ AI ছফ্টৱেৰ Chat GPT, Deep seeker, grammarly , AI typing portal ক অসমৰ অসমীয়া ধ্ৰুপদী ভাষাৰ টাইপিং ছফ্টৱেৰ "অ Aakhor AI" এ প্ৰত্যাহ্বান জনাইছে।
"অ Aakhor AI" এপ্লিকেছন মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, কটন বিশ্ববিদ্যালয়ৰ চি এছ এণ্ড আই টি বিভাগৰ মুৰব্বী ডাঃ হিতেন চৌধুৰী, দৈনিক জনমভূমি কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ ফুকন,নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক নৰেশ কলিতা ,কটন বিশ্ববিদ্যালয়ৰ চি এছ এণ্ড আই টি বিভাগৰ সহকাৰী অধ্যাপিকা ডাঃ কংকনা বৰা, দৈনিক অসমৰ মুখ্য সম্পাদক পুলিন কলিতাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Leave A Comment